News

আদিবাসী সমাজ কল্যান আৰু উন্নয়ন পৰিষদৰ নাগৰিক সভা

২১ নভেম্বৰ ২০২৩, গুৱাহাটীঃ আজি আদিবাসী সমাজ কল্যান আৰু উন্নয়ন পৰিষদৰ যোগেদি নাগৰিক সভা এখন গুৱাহাটীৰ শিল্পগ্ৰামৰ সভা কক্ষত অনুষ্ঠিত হয়। সভাত পৰিষদৰ অধক্ষ্য অসীম হাচদাৰ লগতে মুখ্য কাৰ্য্যবাসী সদ্য দুৰ্গা হচদা আৰু অন্য কাৰ্য্যবাহী সদস্য উপস্থিত আছিল। উপাধ্যক্ষ্য বীৰ সিং মুণ্ডা উৰফে সুভাষ তিৰ্কীয়ে পৰিচালনা কৰা সভাত অসমৰ শ্ৰমবিভাগৰ মন্ত্ৰী সঞ্জয় কিচানৰ লগতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাইও ভাষন প্ৰদান কৰে। বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ কাৰ্য্যবাহী সদস্য উইলচন হাচদাও সভাত ভাষণ দি ৰাইজক একতাৰে কাম কৰিবলৈ আহবান জনায়। আদিবাসী সকলৰ (১)ভুমি সমস্যা,(২) কৌশল বিকাশ আৰু (৩) শিক্ষাই আদিবাসী পৰিষদৰ মুখ্য কাম হব বুলিয়ে সকলোৱে ভাষন প্ৰসংগত উল্লেখ কৰে। আদিবাসী সাহিত্য সভাৰ সভাপতি গমকে ৱিলফ্ৰড তপ্নই আদিবাসী কল্য়ান পৰিষদে কৰিব লগিয়া কামৰ বিষয়ে প্ৰথমতে ভাষণ প্ৰশংগত উক্ত তিনিওটা গুৰুত্বপুৰ্ণ বিষয়ে উল্লেখ কৰে।

2 Comments

  1. আদিবাসী উন্নয়ন পৰিষদৰ দ্বাৰাই অসমৰ আদিবাসী সকলৰ শৈক্ষিক ,সামাজিক ,অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ বাবে নথৈ সুখী অনুভৱ কৰিছো। লগতে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো,

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button